সাধাৰণ নিয়ম হিচাপে, এই ৱেবছাইটে স্বয়ংক্রিয়ভাবে ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্য সংগ্রহ নকৰে। ব্যৱহাৰকাৰীসকলে সাধাৰণতে ব্যক্তিগত তথ্যসমূহ প্রকাশ নকৰাকৈয়ে এই ৱেবছাইট দর্শন কৰিব পাৰে। অৱশ্যে তেওঁলোকে ইচ্ছা কৰিলে ব্যক্তিগত তথ্যসমূহ প্রকাশ কৰিবও পাৰে। এই ৱেবছাইটে যদিহে কোনো ব্যক্তিগত তথ্য সংগ্রহ কৰে, তেন্তে সেয়া নির্দিষ্ট কাৰণতহে কৰা হ'ব আৰু এই বিষয়ে ব্যৱহাৰকাৰীসকলক আগতীয়াকৈ জনোৱা হ'ব। আনহাতে তথ্যসমূহ কোনো ৰাজহুবা বিভাগ বা ব্যক্তিগত প্রতিষ্ঠানৰ লগত ভাগ-বতৰা কৰা নহ'ব।
এই ৱেবছাইটত আন ৱেবছাইটৰ লিংক থাকিব পাৰে, যাৰ তথ্য সুৰক্ষা আৰু গোপনীয়তা নীতিৰ লগত এ পি জি চি এল-ৰ তেনে নীতিৰ পার্থক্য আছে। সেই বাহিৰা ৱেবছাইটবোৰৰ তথ্য-পাতি আৰু গোপনীয়তা নীতিৰ ক্ষেত্রত এ পি জি চি এল-য়ে কোনো দায়িত্ব নলয় আৰু ব্যৱহাৰকাৰীসকলক সেই ৱেবছাইটবোৰৰ গোপনীয়তা নীতিৰ বিষয়ে জানি ল'বলৈ পৰামর্শ আগবঢ়াইছে।
এই ৱেবছাইটে কেতিয়াও তথ্য সংগ্রহ নকৰে বা বাণিজ্যিক বিপণনৰ বাবে ব্যক্তিগত প্রফাইল সৃষ্টি নকৰে।
ব্যৱহাৰকাৰীয়ে অনুমতি প্রকাশ নকৰিলে এ পি জি চি এল-য়ে কোনো বিজ্ঞাপনদাতা, পৃষ্ঠপোষক, বা আন তৃতীয় পক্ষৰ আগত কাৰো ব্যক্তিগত তথ্য প্রকাশ নকৰে। অৱশ্যে, যদিহে ছার্ছ ৱাৰেন্ট (Search warrant), আদালতৰ নির্দেশ আদিৰ দৰে বৈধ আইনী প্রক্রিয়াৰ লগত সহযোগ কৰিবলৈ প্রয়োজন হয়, তেন্তে এ পি জি চি এল-য়ে ইয়াৰ ৱেবছাইট ব্যৱহাৰকাৰীৰ নির্দিষ্ট ব্যক্তিগত তথ্য উন্মোচন কৰিব পাৰে।
কোনো ব্যৱহাৰকাৰীয়ে www.apgcl.org ৱেবছাইট ব্যৱহাৰ কৰাৰ আন এক অর্থ হ'ল যে তেওঁ এই নীতিত উল্লেখ কৰা অনুসৰি ব্যক্তিগত তথ্য সংগ্রহ কৰিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে।
এ পি জি চি এল-য়ে গোপনীয়তা নীতি সময়ে সময়ে সলনি কৰি থাকিব পাৰে। তেনে ধৰণৰ সালসলনি কৰিলে এই ৱেবছাইটৰ পেজতে সেয়া সন্নিবিষ্ট কৰা হ'ব, যাতে ব্যৱহাৰকাৰীসকলে কি তথ্য সংগ্রহ কৰা হ'ব, কেনেকৈ সেয়া ব্যৱহাৰ কৰা হ'ব আৰু কি পৰিস্থিতিত সেইবোৰ তথ্য প্রকাশ কৰা হ'ব, সেই বিষয়ে আগতীয়াকৈ জানিব পাৰে। এই ৱেবছাইটত অকর্তৃত্বশীল লোকে কোনো তথ্য আপল'ড কৰা বা তথ্যৰ সালসলনি কৰাটো কঠোৰভাবে নিষিদ্ধ আৰু তেনে কৰিলে 'তথ্য প্রযুক্তি আইন ২০০০' মতে উপযুক্ত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব।
কপিৰাইট @ . © সকলো অধিকাৰ সংৰক্ষিত। অসম শক্তি উৎপাদন নিগম লিমিটেড। | CIN: U40101AS2003SGC007239 | GST No.:18AAFCA4891F1ZJ